ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰীপথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা ৩ কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পত্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জড়িত হৈ আছিল বুলি আৰক্ষীয়ে জনাইছে।
Site Admin | November 19, 2025 8:44 PM | dibrugarh drugs arrest
ডিব্ৰুগড় জিলাৰ লাহোৱালত বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক