ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁওপ্রধানসকলে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহ চক্ৰ বিষয়া তথা জিলা প্ৰশাসনৰ ওচৰত ক্ষয়-ক্ষতিৰ পৰিমাণ দাখিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।