ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত সংঘটিত হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত চাৰিজন লোকক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ নাথ আৰু খোৱাং সমজিলাৰ আৰক্ষী বিষয়াৰ তৎপৰতাত চাৰিজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই হত্যাকাণ্ডৰে জড়িতৰ দুজন অভিযুক্ত নাবালক আৰু এই ঘটনাত আৰু বহুকেইজন লোক জড়িত আছে। উল্লেখযোগ্য যে যোৱা ২৫ জুলাইত উত্তম গগৈ নামৰ লোকজনক হত্যা কৰি দুৰ্বৃত্তই ধন লুট কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।