ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড় জিলাত পঞ্চায়ত নিৰ্বাচনত ৮ লাখ ৭১ হাজাৰ ৯৭৫ ভোটদাতাই ভোটদান কৰিব

ডিব্ৰুগড় জিলাত আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প’লিং আৰু প্রিজাইডিং বিষয়াসকলে যাৱতীয় নথি-পত্ৰ সংগ্ৰহ কৰি ডিব্ৰুগড়, চাবুৱা আৰু লাহোৱাল সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮ লাখ ৭১ হাজাৰ ৯৭৫। ধেমাজি জিলাতো কাইলৈ ৫ লাখ ১০ হাজাৰ ৫৩৭ গৰাকী ভোটদাতাই ৭২৭টা ভোটগ্রহণ কেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব। জিলাখনত ১৮০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনৰ বাবে নিয়োজিত ৩৬০৯ গৰাকী বিষয়া-কৰ্মচাৰীৰ লগতে সুৰক্ষা কৰ্মীসকল প্রয়োজনীয় সামগ্রী লৈ ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে।

অধিক পঢ়ক

সকলো চাওক