November 14, 2025 9:27 PM | dibrugarh pijush

printer

ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ কৰে। নাবাৰ্ডৰ ৫ কোটি আৰু অইল ইণ্ডিয়া লিমিটেডৰ চাৰে চাৰি কোটি টকাৰ পুঁজিৰে মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে মথাউৰি মেৰামতি কাৰ্য সম্পূৰ্ণ হ’লে টিপাম তথা সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ সুৰক্ষিত হৈ থাকিব। মন্ত্ৰী হাজৰিকাই কয় যে বুঢ়িদিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থানৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি জন-ধনৰ সুৰক্ষাৰ বাবে কাম কৰিছে। নিৰ্দিষ্ট সময়ত এই কাৰ্য সম্পন্ন হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। এই অনুষ্ঠানত বিধায়ক জিতু গোস্বামী আৰু তৰংগ গগৈও উপস্থিত থাকে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।