January 10, 2026 12:47 PM | DRUGS SEIZED

printer

ডিব্ৰুগড়ৰ টিপাম ফাঁকিয়াল নেপালী গাঁৱত আৰক্ষীৰ অভিযান মাদক দ্রব্য সৰবৰাহকাৰী আটক

ডিব্ৰুগড় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালি নিশা জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিপাম ফাঁকিয়াল নেপালী গাঁৱত অভিযান চলাই এজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা ৫টা চাবোনৰ বাকচত ভৰাই অনা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। ধৃত লোকজন চন্দন বৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক কৰা যুৱকজনক আৰক্ষীয়ে মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে। কাছাৰ আৰক্ষীয়ে মাদক দ্রব্য সৰবৰাহৰ অভিযোগত কালি তিনিজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।