ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 11, 2024 7:29 PM | Dibrugarh District

printer

ডিব্ৰুগড়ৰ চৌকিদিঙিত প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা

ডিব্ৰুগড়ৰ চৌকিদিঙিত আজি প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা আৰু বঁটা বিতৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন  শিক্ষামন্ত্ৰী বছিৰাম ছিৰাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্রী ছিৰামে অসম আৰু অৰুণাচলৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত বক্তব্য প্ৰদান কৰি দুয়োখন ৰাজ্যৰ মাজৰ সাহিত্য আৰ সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তেহে দুয়োখন ৰাজ্যৰ আন্তসম্পর্ক বৰ্তি থাকিব বুলি মন্তব্য কৰে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতিয়ে সভাপতিত্ব কৰা সভাখনত জিলা আয়ুক্ত আৰু পৌৰ নিগমৰ মেয়ৰৰ লগতে প্রয়াত সাংবাদিকগৰাকীৰ পত্নী অধ্যাপক সুবাসনা মহন্ত চৌধুৰী উপস্থিত থাকে। সভাত তিনিচুকীয়াৰ সাংবাদিক জিতুল দত্তক ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।