ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে’ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত এই সভাত ন্যায়িক কর্মাচাৰীসকলে সততে মুখামুখি হোৱা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰতো আলোচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি মদন উপাধ্যায়ে উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ৮ অক্টোবৰত দিয়া এটা ৰায়দানত প্ৰত্যেক জিলাতে গ্রেড-ওৱান, গ্রেড-টু আৰু গ্রেড-থ্রি এই তিনিটা পদ সৃষ্টি কৰিব লাগিব বুলি ৰায় দিছিল। কিন্তু সেই ৰায় আজিলৈ বাস্তৱত প্ৰণয়ন হোৱা নাই বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। এই সভাতেই সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰূপে উৎপল কলিতাক দায়িত্বভাৰ অৰ্পণ কৰা হয়৷