ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৱিষ্যত পৰিকল্পনা সম্পর্কে মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত বৈঠক

● ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সম্পর্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাব বিধায়ক পোনাকন বৰুৱা, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা০ সঞ্জীৱ কাকতিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।