ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয়, যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ উপৰি মহিলা সৱলীকৰণৰ পথ প্রশস্ত কৰা। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সকলো স্তৰৰ ৰাইজে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে লাভান্বিত হৈ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাৰ অংশীদাৰ হৈছে৷
শ্ৰী সোণোৱালে পি এম স্বনিধি আঁচনিৰ সুবিধা লাভ কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জিলাখনৰ মিলন নগৰত এটা জনঔষধী কেন্দ্ৰ মুকলি কৰে। তেওঁ কয়, যে জনসাধাৰণক সুলভ মূল্যত জেনেৰিক ঔষধ যোগান ধৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনাৰ অধীনত এই কেন্দ্ৰসমূহ আৰম্ভ কৰা হৈছে। বৰ্তমান দেশত ১৭ হাজাৰ এনে কেন্দ্ৰই জনসাধাৰণক সুলভ মূল্যত ঔষধ প্ৰদান কৰি আহিছে বুলি শ্ৰী সোণোৱালে উল্লেখ কৰে।