ডাউনলোড
মোবাইল এপ

android apple
signal

July 18, 2025 8:00 PM | assam cabinet

printer

ডিব্ৰুগড়ত শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭ কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে। ৮৫ হাজাৰ ৫০৯ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই প্ৰকল্পৰ অধীনত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, তৃতীয়বর্গৰ কৰ্মচাৰী তথা নাৰ্ছসকলৰ আবাস গৃহ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাত্রাবাস আৰু ছাত্ৰী নিবাস, জি এন এম হোস্টেল, ডাইনিং ব্লক, কমিউনিটি হল আদি নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি মিছন বসুন্ধৰাৰ অধীনত ভূমি আৱণ্টন, এটি কলি দুটি পাত আঁচনিত বিত্তীয় অনুমোদনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰৰ ৩৩৬ টা আন্তঃগাঁথনিমূলক প্রকল্প, নিগম আৰু পৰিষদৰ ৪৫ টা আন্তঃগাঁথনিমূলক প্রকল্প আৰু তিনি হাজাৰ ২৪৭ টা অব্যক্তিগত ন্যায়িক প্রতিষ্ঠান তথা ২৮ টা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু সংস্থাকে ধৰি চাৰি হাজাৰতকৈও অধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি আৱণ্টনত অনুমোদন জনোৱা হয় ৷
ইপিনে, এটি কলি দুটি পাত আঁচনি ৰূপায়ণৰ বাবে ৩৪২ কোটি টকাৰ বিত্তীয় আৱণ্টনটো মন্ত্রীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় সাত লাখ শ্ৰমিক আৰু কৰ্মচাৰীক পাঁচ হাজাৰ টকাৰ একক কিস্তিত এই ধন বিতৰণ কৰা হ’ব। দ্বিতীয় এডভান্টেজ আছামত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মন্ত্ৰীসভাই লগতে গুৱাহাটীৰ সৰু সজাইত ৫০০ খন বিচনাযুক্ত মেদান্ত চিকিৎসালয়, ১০০ খন বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয় আৰু পঞ্চতাৰকাযুক্ত লেমন ট্ৰী হোটেল নিৰ্মাণৰ বাবে ভূমি আৱণ্টনত অনুমোদন জনায়। ৮০০ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্প তিনিটা নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে প্ৰায় দুহেজাৰ ৭০০ নিয়োগ সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্রকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় প্ৰতিবন্ধী অধ্যয়ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ক ভূমি আৱণ্টন আৰু প্ৰিমীয়াম ৰেহাইৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক