ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব

স্বাস্থ্য সেৱাৰ উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জেইল ৰোডত এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ’ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুল বাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। নতুনকৈ নিৰ্মাণ হ’বলগীয়া ছয় মহলাযুক্ত এই হাস্পতাল ভৱনত মাল্টি স্পেছিয়েলিটি আৰু অন্যান্য অত্যাধুনিক সুবিধাসমূহ উপলব্ধ হ’ব।মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ সচিবালয়ত মাজুলী, মাহমৰা, আৰু ধেমাজিৰ চিচিবৰগাঁৱকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰিব। ড০ শৰ্মাই দেওবাৰে দিহিং খামতিঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল’ব।