ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 16, 2025 7:54 PM | Annapurna Devi

printer

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱৰ পর্যালোচনা

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱে আজি ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। ডিব্ৰুগড় আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী শ্ৰীমতী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। মহিলা আৰু শিশুৰ কল্যাণৰ বাবে সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ মহিলা সশক্তিকৰণ, পুষ্টি, শৌচাগাৰ স্থাপন আৰু আৰ্থ-সামাজিক বিকাশ সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। অসমত ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত বাল্য বিবাহ প্ৰতিৰোধ, মাতৃ আৰু স্বাস্থ্যসেৱা উন্নয়ন আৰু উদ্যোগ সৃষ্টিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ তেওঁ প্ৰশংসা কৰে। মহিলা আৰু শিশুৰ শিক্ষাৰ অধিকাৰ, স্বাস্থ্যসেৱা আৰু অৰ্থনৈতিক সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ প্ৰকাশ কৰে।