ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰে। শ্ৰী সোণোৱালে সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত শৰীৰ চৰ্চা কেন্দ্ৰ, খোৱাপানী প্রকল্প আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা ভৱন উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে এই প্রকল্পসমূহে শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সুস্থ ভাৰত গঢ়াৰ দিশত সক্রিয় ভূমিকা পালন কৰিবলৈ অনুপ্ৰাণিত কৰিব তেওঁ যুৱক-যুৱতীসকলক প্ৰতিভা আৰু পাৰদৰ্শিতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
এই কাৰ্যসূচীত মন্ত্রী প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।