ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে বুলি শ্ৰীসোণোৱালে প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত নীতিৰ বিষয়ে উনুকিয়াই শ্ৰীসোণোৱালে কয় যে যি পথেৰে আগবাঢ়িবলৈ চৰ্দাৰ বল্লভ ভাই পেটেলে শক্তি দিছে, দিশ আৰু দৰ্শন দেখুৱাইছে সেই একেই পথেৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশ বিকাশৰ পথত আগবাঢ়িছে। শ্ৰীমোদীৰ নেতৃত্বত প্ৰতিটো বৰ্গৰ লোককে সন্মান সহকাৰে জীয়াই থকাৰ মৰ্যাদা প্ৰদান কৰি ভাৰত বৰ্তমান পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে বুলিও মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে । গোলাঘাট জিলাতো জিলা প্ৰশাসন আৰু গোলাঘাট আৰক্ষীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে চহৰখনত শোভাযাত্ৰাৰ লগতে বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে যোৰহাট জিলাতো জিলা প্রশাসন, জিলা আৰক্ষী, চি আৰ পি এফ আদিকে ধৰি বিভিন্ন সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।