মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ অন্তিম দিনা আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সভাগৃহত লোকনির্মাণ, গৃহবিভাগ আৰু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা ৩০০ কোটি টকা ব্যয় সাপেক্ষ নতুন আৱাসিক কলনি নিৰ্মাণৰ অভিলাষী প্রকল্প সন্দৰ্ভত আলোচনা কৰা হয়। চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পুৰণি আৱাসসমূহৰ পৰিৱৰ্তে অধ্যক্ষ-উপাধ্যক্ষ, জ্যেষ্ঠ, কনিষ্ঠ চিকিৎসকৰ আৱাসৰ লগতে ছাত্ৰাৱাস, ছাত্রী নিবাস, তৃতীয় আৰু চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে নতুন আৱাসিক কলনি, সন্মিলন কেন্দ্র আদি বিভিন্ন সা-সুবিধা অন্তর্ভুক্তিৰে প্ৰস্তুত কৰা প্ৰকল্পটোৰ নক্সাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকখনত বিভাগসমূহৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, মুখ্য অধীক্ষকো উপস্থিত থাকে।
মুখ্যমন্ত্রী ড০ শর্মাই চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণ সন্দৰ্ভত সামাজিক মাধ্যমত প্রকাশ কৰি কয়, যে ঐতিহাসিক চহৰ ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্রতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে আৰু এই উদ্দেশ্যে চহৰখনত কেইবাটাও ব্যৱস্থা আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যকৰী কৰাৰ লগতে ডিব্ৰুগড়ৰ গৌৰৱময় অতীতক পুনৰ উদ্ধাৰ কৰি চহৰখনক পূব ভাৰতৰ এখন প্ৰধান অর্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে নিৰ্মাণৰ পৰিকল্পনাৰে কাম কৰি থকা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। নিয়মীয়া পৰ্যালোচনা বৈঠকৰ ফলত কেবিনেটৰ সিদ্ধান্ত, আঁচনি আৰু আন্তঃগাঁথনিমূলক প্রকল্পসমূহ ত্বৰান্বিত হৈছে। সচিবালয়ে অঞ্চলটোৰ সামাজিক সংগঠনসমূহক চৰকাৰৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় ভ্রমণতে ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখনা আৰু ডিমৌ বিধানসভা সমষ্টিত ৩,৫০০ কোটি টকা ব্যয় সাপেক্ষ ৫০০ৰো অধিক প্রকল্প পর্যালোচনা বৈঠকতো ভাগ লোৱাৰ কথা প্ৰকাশ কৰে। এই বৈঠকত অঞ্চলটোৰ পথ, উৰণ সেতু, ঘাইপথ, চৰকাৰী ভৱন, মথাউৰি, বিদ্যুৎ কেন্দ্র, চিকিৎসালয়, ক্রীড়া আৰু সাংস্কৃতিক প্রকল্পসমূহৰ কাম ক্ষিপ্রতাৰে কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশনা দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Site Admin | March 23, 2025 6:29 PM | Assam CM at Dibrugarh
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাৰ কেইবাটাও ব্যৱস্থা আৰম্ভ হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
