ডাউনলোড
মোবাইল এপ

android apple
signal

August 24, 2024 12:13 PM

printer

ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অহা ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কৰিমগঞ্জৰ জিলা পুথিভবালত অনুষ্ঠিত হোৱা দলীয় কাৰ্যনিৰ্বাহক সন্মিলনত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাৰ লগতে বিষয়ববীয়াসকলক সাজু হ’বলৈও আহ্বান জনায়। দলীয় বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ চহৰৰ পথ সংস্কৰণৰ বাবে তাৎক্ষণিকভাৱে ২০ কোটি টকাৰ অনুদান ঘোষণা কৰে। চহৰখনৰ পথ সংস্কৰণৰ কাম আগন্তুক ১৫ দিনৰ ভিতৰত আৰম্ভ হ’ব বুলি তেওঁ সংবাদমেলত জনায়। মুখ্যমন্ত্ৰীৰ কৰিমগঞ্জ ভ্ৰমণৰ সময়ত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, বিধায়ক কমলাক্ষ দে’ পুরকায়স্থ, কৃষেন্দু পাল, কৌশিক বায় আৰু জিলা বিজেপিৰ সভাপতি সুব্রত ভট্টাচাৰ্যৰ লগতে বহু দলীয় নেতা কর্মীয়ে সংগ দিয়ে।

অধিক পঢ়ক

সকলো চাওক