ডাৱৰ বিস্ফোৰণ হোৱা এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ধাৰালি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষিপ্ৰ গতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে আজি অঞ্চলটো পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। তেওঁ লগতে আহত লোকসকলক উপযুক্ত চিকিৎসা প্রদান সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাৱৰ বিস্ফোৰণৰ ফলত হতাহত হোৱা লোকৰ পৰিয়াললৈ সম্ভাৱ্য সকলো ধৰণৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। উদ্ধাৰ অভিযান দ্রুতগতিত চলোৱাৰ বাবে দুখন হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে চিনুক হেলিকপ্তাৰযোগে অঞ্চলটোৰ পৰা আৱৰ্জনা নিষ্কাষণ আৰু পথ যোগাযোগ সুচল কৰাৰ বাবে যাৱতীয় গধুৰ যন্ত্ৰপাতি প্ৰেৰণ কৰিছে।
ডাৱৰ বিস্ফোৰণৰ ফলত ভাৰতীয় সেনাবাহিনীৰ এগৰাকী কনিষ্ঠ বিষয়াকে ধৰি ৮গৰাকী জোৱান এতিয়াও নিৰুদ্দেশ হৈ আছে। ভাৰতীয় সেনাবাহিনীৰ ২২৫গৰাকীৰো অধিক জোৱানে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।