October 23, 2024 7:41 PM | Dana Cyclone

printer

ডানা নামৰ ঘূৰ্ণী বতাহৰ পূর্বে ওড়িশাত এন ডি আৰ এফৰ ২০টা আৰু পশ্চিমবঙ্গত ১৩টা দল নিয়োগ

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে ডানা নামৰ ঘূৰ্ণী বতাহজাকে ভূভাগত খুন্দা মৰাৰ পূর্বে ওড়িশাত বাহিনীটোৰ ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মহচেন চাহিদে কয় যে, পশ্চিমবঙ্গত যিকোনো পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চাৰিটা দল সাজু কৰি ৰখা হৈছে। অন্ধ্ৰপ্ৰদেশৰ ৱিজাকতো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্রীচাহিদে কয় যে, ছত্তীশগড় আৰু ঝাৰখণ্ডতো সম্ভাৱ্য পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে বাহিনীটোৰ কেইবাটাও দল সাজু কৰি ৰখা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।