January 1, 2026 8:08 PM | Assam Eviction

printer

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলত কাইলৈ উচ্ছেদ অভিযান

হোজাই জিলা প্রশাসনে কাইলৈ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰে আৰু এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ১৭০টা পৰিয়ালৰ ভিতৰত এহেজাৰ ১৮টা উচ্ছেদ কৰা হ’ব। বাকী ১৫২টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ সংস্থাপনৰ দাবী জনাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।