টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক ঘটিছে। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে বর্ষাপাৰাত থকা অসম ক্রিকেট এছ’চিয়েছনৰ ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ আৰম্ভ হৈছে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলৰ স্থানত ঋষভ পন্টে দলক নেতৃত্ব দিছে। দক্ষিণ আফ্রিকাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। খেলখন উপভোগৰ বাবে ভালেসংখ্যক ক্রিকেটপ্রেমীয়ে ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্ষিত হৈছে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে ভোজন বিৰতিৰ পূৰ্বেই চাহ বিৰতি হৈছে।
আজিৰ ক্ৰিকেট টেষ্ট মেচ খনৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বি কে কাকতি পথ, এ কে আজাদ পথ, কুল বসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, বিৰুবাৰী পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ আৰু আৰ কে চি পথত আজি বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। একেদৰে লালগণেশ পথ আৰু কুল বসুমতাৰী পথো ৱান ৱে কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱা, স্থানীয় লোক, বিদ্যালয় বাহনৰ চলাচলত বাধা নাথাকিব।
Site Admin | November 22, 2025 12:39 PM | Test Cricket record in Guwahati
টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক