ডাউনলোড
মোবাইল এপ

android apple
signal

May 12, 2025 6:15 PM | Birat kohlie

printer

টেষ্ট ক্ৰিকেটৰ পৰা বিৰাট কোহলীৰ অৱসৰৰ কথা ঘোষণা

ৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ১৪ বছৰীয়া যাত্ৰাত যতি পেলাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। সাম্প্ৰতিক ক্রিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিচিত কোহলীয়ে সামাজিক মাধ্যমত তেওঁৰ অনুগামীসকলৰ বাবে এই বাৰ্তা প্ৰকাশ কৰিছে। তেওঁৰ এই ঘোষণাই স্বাভাৱিকতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা যুগৰ অন্ত পেলাব।
বিৰাট কোহলীয়ে খেলুৱৈ জীৱনত ১২৩ খন টেষ্ট মেচত গড়ে ৪৬.৮৫ ৰানেৰে মুঠ ৯২৩০ ৰান সংগ্ৰহ কৰিছে। নিজৰ ১৪ বছৰজোৰা টেষ্ট কেৰিয়াৰত কোহলী শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পাছত ভাৰতৰ চতুর্থজন সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক কোহলীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০১১ চনত টেষ্ট মেচত আত্মপ্রকাশ কৰিছিল। তেওঁ অধিনায়ক হিচাপে ভাৰতীয় দলক ৬৮ খন টেষ্টত নেতৃত্ব দিছিল আৰু ইয়াৰে মাত্ৰ ১৭ খনতহে ভাৰত পৰাজিত হৈছিল। তেওঁৰ নেতৃত্বত ৪০ খন টেষ্টত ভাৰত জয়ী হৈছিল আৰু ১১ টেষ্ট ড্র হৈছিল। সেই অনুসৰি তেওঁৰ জয়ৰ শতাংশ হৈছে ৫৮.৮২। কোহলীৰ নেতৃত্বতে ২০১৯ চনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে কোনো এটা টেষ্ট শৃংখলাত বিজয়ী হৈছিল। খেলুৱৈগৰাকীয়ে চলিত বছৰৰ প্ৰথম ভাগতে অস্ট্রেলিয়াত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত তেওঁৰ অন্তিমখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল। এই খেলখনত আয়োজক অষ্ট্ৰেলিয়া ৬ উইকেটত বিজয়ী হৈছিল আৰু ৩-১ৰ ব্যৱধানত শৃংখলা হস্তগত কৰিছিল। বিৰাট কোহলীয়ে যোৱা বছৰ টি-২০ বিশ্বকাপত ভাৰত বিজয়ী হোৱাৰ পাছতে টি-২০ৰ আন্তৰ্জাতিক খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কেইদিনমানৰ পাছতে কোহলীয়েও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।