ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 17, 2024 11:03 AM | Table Tennis

printer

টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাত মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাৰ জয়েৰে অভিযান আৰম্ভ

ভাৰতৰ মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাই চীনৰ মাকাউত চলি থকা টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ গ্ৰুপ পৰ্যায়ত জয়েৰে অভিযান আৰম্ভ কৰিছে। বিশ্বৰ ৩৭ সংখ্যক স্থানৰ খেলুৱৈ মণিকাই ৰোমানিয়াৰ এডিনা ডিকানৌক ৩-১ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ শ্ৰীজা আকুলাই পোলেণ্ডৰ নাটালিয়া বাজোৰৰ বিৰুদ্ধে ৪-০ ফলাফলেৰে বিজয় সাব্যস্ত কৰে। গ্রুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত মণিকা আজি বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ চীনৰ মানয়ু ৱাঙৰ মুখামুখি হ’ব। একেদৰে, গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত শ্ৰীজা চীনৰ চেন মেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেল দুখনত বিজয় অৰ্জন কৰিলে দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিব।