ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 14, 2024 8:44 PM | Kiren Rijiju

printer

টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগমৰ হিতাধিকাৰীৰ সৈতে সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মত বিনিময়

সংসদীয় পৰিক্ৰমা তথা সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ সময়ছোৱাত গ্ৰহণ কৰা উন্নয়নৰ প্ৰচেষ্টা তিনিগুণ পর্যন্ত ত্বৰান্বিত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি লাডাখৰ বাবে উন্নয়নমূলক পৰিকল্পনা গ্রহণ কৰিছে। টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগম এন এম ডি এফ চিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত শ্ৰী ৰিজিজুৱে অঞ্চলটোত সংখ্যালঘুসকলৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে কাৰ্গিলত সংখ্যালঘু সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা সংবর্ধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বিষয়ে ঘোষণা কৰে। এই কেন্দ্ৰটো শৈক্ষিক আৰু সাংস্কৃতিক সমৰ্থন আগবঢ়োৱাৰ জৰিয়তে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগিতাৰে বিকাশ কৰা হ’ব। তদুপৰি এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লাডাখৰ এছ আই ডি চি অ’ৰ মহাপ্ৰবন্ধক ছফদাৰ আলীলৈ ১০ কোটি টকা মঞ্জুৰী পত্ৰ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লাডাখৰ বিকাশৰ প্ৰতি তেওঁৰ ব্যক্তিগত প্ৰতিশ্ৰুতি বদ্ধতা প্ৰকাশ কৰি এন এম ডি এফ চি আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে সম্প্রদায়টোৰ পৰমৰ্শ তথা দাবীসমূহ বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়াৰ লগতে পৰৱৰ্তী ভ্ৰমণৰ সময়ত কাৰ্গিলৰ বাবে বিশেষ পেকেজ ঘোষণাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি সদৰি কৰে।