মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেল পথাৰত আয়োজিত এখন জনসভাত টিহু বিধানসভা সমষ্টিৰ ৩৩ হাজাৰ ৪৩১ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শর্মাই কয়, যে ৰাজ্যৰ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ লক্ষ্যৰে চৰকাৰে এই অভিযান আৰম্ভ কৰিছে। ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৪ লাখ আত্মসহায়ক গোটৰ মহিলালৈ ধন আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা এই অভিযানৰ বিষয়ে দেশজুৰি চৰ্চা হৈছে। তেওঁ কয়, যে এই আঁচনিৰ আৰ্হিত বিহাৰ, চত্তিশগড়, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত মহিলাসকলৰ বাবে আঁচনি ৰূপায়ণ কৰা হৈছে আৰু আন কেইবাখনো ৰাজ্যৰ চৰকাৰে এই সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে। মুখ্যমন্ত্ৰী শর্মাই মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰ উপযুক্ত ব্যৱহাৰ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। তেওঁ টিহু সমষ্টিৰ ২৮ হাজাৰ ১০০ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰি কয়, যে সমষ্টিটোত অতিৰিক্ত আৰু ৩ হাজাৰ পৰিয়ালক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। আজিৰ অনুষ্ঠানত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
Site Admin | November 19, 2025 6:36 PM | cm mmua
টিহু বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩৩,৪৩১ গৰাকী সদস্যক মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান মুখ্যমন্ত্ৰীৰ