● ভূ-বিজ্ঞান আৰু হিমালয় অধ্যয়ন কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহৰ নিৰীক্ষণৰ সময়ত হিমবাহটো ক্রমান্বয়ে তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত কৰিছে। হিমবাহটোৰ গলনৰ হাৰ বৃদ্ধি পাই এবছৰত প্ৰায় ডেৰ মিটাৰ বৰফ বিগলিত হৈছে বুলি কেন্দ্ৰটোৰ পৰ্যবেক্ষক বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ পাইছে। ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে কৃত্ৰিম উপগ্ৰহৰ ছবিৰ বিশ্লেষণত মাগ্ৰু শ্বু অববাহিকাৰ খাংৰি হিমবাহৰ বাদেও অন্যান্য হিমবাহবোৰ গলি তুষাৰ ৰেখা ক্ৰমাৎ পিছুৱাই যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত হিমবাহ হ্ৰদৰ সংখ্যা আৰু আকাৰো বৃদ্ধি পাইছে। হিমবাহ হ্ৰদসমূহৰ পৰিবৰ্ধিত জলপৃষ্ঠই অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনৰ পর্বতমালাৰ পৰা বৈ অহা নদীসমূহৰ অববাহিকা অঞ্চলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰা সম্ভাৱনা আছে। উল্লেখযোগ্য কেন্দ্রীয় জল আয়োগৰ শেহতীয়া নিৰীক্ষণ প্ৰতিবেদনত ভাৰতৰ ৪০০ৰো অধিক হিমবাহ হ্ৰদৰ জলপৃষ্ঠ বিপদজনক মাত্ৰালৈ বৃদ্ধি পাইছে। এই ৪০০ হিমবাহ হ্ৰদৰ ভিতৰত ১৯৭টা হ্রদ অৰুণাচল প্ৰদেশত আছে। এই হৃদসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱা ঘটনা অৰুণাচল প্ৰদেশৰ উপৰি অসমৰ নদী অববাহিকাৰ কাৰণে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
Site Admin | September 11, 2025 12:34 PM | Akashvani | North East | Tawang
টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহ তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত
