ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজনৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকাই

মৰিগাঁও জিলাত ৩ আগষ্টত হ’বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কাৰ্যৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকা জাগীৰোডত উপস্থিত হয়। মন্ত্ৰী দুগৰাকীয়ে সংশ্লিষ্ট বিষয়া তথা দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰি এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আহ্বান জনায়। ২০২৬ চনৰ ভিতৰত টাটাই এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব। প্ৰযুক্তিৰ ক্ষেত্ৰত অসমত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পত প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। ৩ আগষ্টত মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ ভূমি পূজন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।