প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী চিগেৰু ইশ্বিবাই দুয়োখন দেশৰ মাজৰ কৌশলগত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে দশকজোৰা ব্যাপক ৰূপৰেখা মুকলি কৰে। টকিঅ’ত অনুষ্ঠিত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ পাছত দুয়োগৰাকী নেতাই এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে এই সন্মিলনত প্ৰধানমন্ত্রী ইশ্বিবা আৰু তেওঁ দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ উপৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে সন্মত হয়। সন্মিলনৰ পাছত এখন যুটীয়া সংবাদমেলত শ্রীমোদীয়ে উল্লেখ কৰে যে দুয়োখন দেশে পৰৱৰ্তী দশকৰ বাবে এটা ৰূপৰেখা প্ৰস্তুত কৰিছে, য’ত বিনিয়োগ, উদ্ভাৱন, পৰিৱেশ, প্রযুক্তি, স্বাস্থ্য, জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত গুৰুত্ব দিয়া হ’ব। শ্রীমোদীয়ে কয়, যে অহা ১০ বছৰত জাপানৰ পৰা ভাৰতত ১০ ট্রিলিয়ন য়েন বিনিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দুয়োখন দেশে কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, পৰিৱেশ আৰু স্বাস্থ্য সেৱাত সহযোগিতাৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত তথা ষ্টার্টআপসমূহ সংযোজিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।
প্রধানমন্ত্রী মোদীয়ে দুয়োখন দেশৰ মাজৰ মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে এখন অভিলাষী কাৰ্যকৰী আঁচনি ঘোষণা কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা উদ্যোগ আৰু উদ্ভাৱন খণ্ডত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে মুক্ত, শান্তিপূর্ণ, সমৃদ্ধিশালী আৰু নিয়ম আধাৰিত ভাৰত-প্রশান্তমহাসাগৰীয় খণ্ডত ভাৰত আৰু জাপানৰ প্ৰতিশ্ৰুতিবদ্ধতা নিশ্চিত কৰে। তেওঁ কয়, যে দুয়োখন দেশ প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তাৰ লগতে সন্ত্রাসবাদ আৰু সুৰক্ষা ব্যৱস্থাক লৈ সমানেই চিন্তিত। শ্রীমোদীয়ে লুনাৰ প’লাৰ এক্সপ্লৰেচন চমুকৈ- লুপেক্স কাৰ্যসূচীৰ অধীনত চন্দ্ৰযান-৫ অভিযানৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু জাপান মহাকাশ অন্বেষণ সংস্থাৰ মাজৰ চুক্তিক আদৰণি জনায়।
অনুষ্ঠানত ভাষণ দি জাপানৰ প্ৰধানমন্ত্রী ইশ্বিবাই ভাৰতৰ পৰিৱৰ্তনশীল গোলকীয় প্ৰভাৱৰ প্ৰশংসা কৰে আৰু দক্ষতাসম্পন্ন ভাৰতীয় প্ৰতিভাসমূহক জাপানৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে চামিল হ’বলৈ আহ্বান জনায়।
প্রধানমন্ত্ৰী মোদীৰ ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয় আৰু কেইবাখনো চুক্তিৰ বিনিময় হয়। দুয়োখন দেশে নিৰাপত্তা সহযোগিতা সন্দৰ্ভত যুটীয়া ঘোষণা পত্ৰ গ্ৰহণৰ ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। দুয়োখন দেশে লগতে পাঁচটা গুৰুত্বপূৰ্ণ খণ্ডত অগ্ৰাধিকাৰ দি অৰ্থনৈতিক সুৰক্ষা ব্যৱস্থা মুকলি কৰে। এই খণ্ডকেইটা হৈছে- ছেমি কণ্ডাক্টৰ, গুৰুত্বপূৰ্ণ খনিজ, ভেষজ, তথ্য আৰু যোগাযোগ প্রযুক্তি আৰু নিকা শক্তি। প্রধানমন্ত্রী দুয়োগৰাকীয়ে জাপান-ভাৰত কৃত্রিম বুদ্ধিমত্তা পদক্ষেপো মুকলি কৰে।
উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদী কালি পুৱা দুদিনীয়া ভ্রমণসূচীৰে জাপানত উপস্থিত হয়। জাপান ভ্রমণ সামৰি তেওঁ টিয়ানজিনত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনলৈ যাব।
Site Admin | August 30, 2025 10:52 AM | Indo-Japan Summit
টকিঅ’ত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলন