ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঝুমই বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৃহস্পতিবাৰে সম্বৰ্ধনা

● ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমই বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক পৰহিলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক- যুৱতীসকলক যোৱা ছেপ্তেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ’ল। সেয়ে পৰহিলৈ এইসকল যুৱক-যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ’ব বুলি তেওঁ সদৰি কৰিছে।