ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 15, 2025 9:16 PM | Jhumur

printer

‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা

ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমইৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ ১১ বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱকযুৱতীসকলক যোৱা ছেপ্তেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ’ল। সেয়ে কাইলৈ এইসকল যুৱক-যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সম জিলা আয়ুক্ত কাৰ্যালয়ত কালি ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰশিক্ষক আৰু নৃত্যশিল্পীসকলৰ মাজত চেক বিতৰণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। কাইলৈ গুৱাহাটীত হ’বলগীয়া অনুষ্ঠানত অংশ ল’বলৈ শিল্পীসকল যোৱা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। নাহৰকটীয়া সম জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।