ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত কাইলৈ আসন ভাগ-বতৰা সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। জে এম এমৰ সভাপতি আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে এই দায়িত্ব ৰাজ্যিক মন্ত্রী সুদিব্য কুমাৰ ছানু আৰু জে এম এমৰ সাধাৰণ সম্পাদক বিনোদ পাণ্ডেক অর্পণ কৰিছে। দুয়োগৰাকী নেতা কাইলৈ পাটনাত উপস্থিত হৈ আৰ জে ডিৰ নেতা তেজস্বী যাদৱৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনাত মিলিত হ’ব। ইয়াৰ পূৰ্বে ছেপ্তেম্বৰ মাহত মুখ্যমন্ত্রী হেমন্ত চোৰেণ আৰ জে ডি প্ৰধান লালু প্ৰসাদৰ সৈতে পাটনাত এটা ৰেলীত মিলিত হৈছিল যদিও আসনৰ ভাগ-বতৰা সন্দৰ্ভত কোনো ধৰণৰ বাৰ্তালাপ হোৱা নাছিল। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ সীমান্ত জিলাৰ সমষ্টিসমূহৰ পৰা জে এম এমে প্ৰস্তুতি আৰম্ভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।