ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ আজি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৃক্ক ৰোগত ভূগি থকাৰ লগতে ডেৰমাহ পূৰ্বে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। যোৱা এমাহ ধৰি নতুন দিল্লীৰ চাৰ গংগাৰাম হাস্পতালত তেওঁক জীৱনদায়িনী ব্যৱস্থাৰে ৰখা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে চোৰেণক জনসাধাৰণৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াই সমাজ জীৱনত উত্তৰণ ঘটা তৃণমূল পৰ্যায়ৰ নেতা বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী জনজাতীয় সম্প্রদায়, দৰিদ্ৰ আৰু পদদলিতসকলৰ সৱলীকৰণৰ প্ৰতি বিশেষভাৱে আগ্রহী আছিল। প্রধানমন্ত্ৰী মোদীয়ে চোৰেণৰ পৰিয়াল আৰু অনুগামীসকলক সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা চোৰেণৰ পুত্ৰ শিবু চোৰেণৰ সৈতে কথা পাতি তেওঁক সমবেদনা জ্ঞাপন কৰা বুলিও সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্রী সিঙে চোৰেণক দেশৰ এগৰাকী অন্যতম জ্যেষ্ঠ নেতা বুলি অভিহিত কৰাৰ লগতে ঝাৰখণ্ডৰ উন্নয়নৰ বাবে কাম কৰা শীর্ষ নেতাসকলৰ অন্যতম বুলিও অভিহিত কৰে। শ্ৰী সিঙে কয়, যে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজৰ দুৰ্বল শ্ৰেণী আৰু জনজাতীয় লোকসকলৰ অধিকাৰ আৰু সৱলীকৰণৰ বাবে কাম কৰিছিল। তেওঁৰ কৰ্মৰাজি ৰাজ্যখনৰ লগতে জনসাধাৰণৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে নেতাগৰাকীৰ বিয়োগত ঝাৰখণ্ডত আজিৰেপৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। আজি আৰু কাইলৈ ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। ঝাৰখণ্ড বিধানসভাৰ চলিত অধিৱেশনো প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে।
Site Admin | August 4, 2025 5:51 PM | Akashvani Guwahati | Akashvani News | Shibu Soren
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ দেহাৱসান
