ঝাৰখণ্ডত এটা আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ মৃত্যু হৈছে। মহেন্দ্ৰ লস্কৰ চি আৰ পি এফৰ ৬০ নম্বৰ বেটেলিয়নৰ কণিষ্টবল আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহেন্দ্র লস্কৰৰ মৃত্যুত শ্রদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ছ’ছিয়েল মিডিয়াৰ এটা বার্তাযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰই তেখেতৰ এই ত্যাগক সদায় স্মৰণ কৰিব।
Site Admin | October 11, 2025 7:48 PM | CRPF Death
ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবলৰ মৃত্যু
