ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ ২ লাখ টকাকৈ এককালীন সাহায্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ঘটনাত আঘাতপ্রাপ্তসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনত স্থানীয় প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই নিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি নিশ্চয়তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমতী মুৰ্মুৱে নিহত শিশুকেইটিৰ পিতৃ-মাতৃ আৰু পৰিয়ালক এই দুখৰ মুহুৰ্তত শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ ইনছেণ্টিভ কেয়াৰ উইনিটত যোৱা নিশা হোৱা অগ্নিকাণ্ডৰ ঘটনাত কমেও ১০ টি নৱজাতকৰ মৃত্যু ঘটে। জিলাধিপতি অৱিনাশ কুমাৰে সাংবাদিকৰ আগত কয়, যে সম্ভৱতঃ ছৰ্টচাৰ্কিটৰ বাবে নিশা প্রায় ১০ বাজি ৪৫ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰাৰম্ভিক অৱস্থাত ১০টি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চিকিৎ‍সালয়ৰ বিষয়াসকলে প্ৰকাশ কৰা মতে অগ্নিকাণ্ডৰ সময়ত ইনছেণ্টিভ কেয়াৰ উইনিট ৱাৰ্ডত ৫৪ টি নৱজাতক ভৰ্তি হৈ আছিল আৰু আবদ্ধ কেইবাটিও শিশুক উদ্ধাৰ কৰা হৈছে।