December 2, 2025 9:13 PM | Bihar

printer

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰ অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰক অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বিহাৰ বিধানসভাৰ অধিৱেশনৰ আজিৰ দ্বিতীয় দিনটোত প্ৰ’টেম অধ্যক্ষ নৰেন্দ্ৰ নাৰায়ণ য়াদৱে অধ্যক্ষৰ পদত তেওঁ সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন আৰম্ভ হোৱাৰ আগতে ড° কুমাৰে অধ্যক্ষ পদ বাবে মনোনয়নপত্র দাখিল কৰিছিল। এই পদৰ বাবে বিৰোধী পক্ষৰ কোনো প্রার্থীয়ে মনোনয়ন দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। উল্লেখযোগ্য যে, ড০ প্রেম কুমাৰ বিহাৰৰ গয়া নগৰ বিধানসভা সমষ্টিৰ পৰা এইবাৰকে ধৰি নৱমবাৰৰ বাবে নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ একাধিক চৰকাৰত তেওঁ ভিন ভিন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল।