ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি বিক্ষোভ প্রদর্শন

নেচনেল হেৰল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছে। দলটোৰ নেতাসকলে এই কার্যক উদ্দেশ্যপ্রণোদিত আৰু ৰাজনৈতিক আক্রোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীসকলে নেচনেল হেৰল্ড গোচৰত দলটোৰ শীৰ্ষ দুগৰাকী নেতাৰ বিৰুদ্ধে ই-ডিৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায়।

আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে নেচনেল হেৰল্ড গোচৰৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে আইনীভাৱে আগবাঢ়ি যোৱা প্ৰক্ৰিয়াত কংগ্ৰেছে প্ৰতিবাদৰ জৰিয়তে বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে কংগ্ৰেছে তেওঁলোকৰ শাসনকালত বিষয়াসকলৰ ঋণ ৰেহাই দিছিল। ইয়ং ইণ্ডিয়া সংস্থাৰ গ‍ইনা লৈ কংগ্ৰেছে অবৈধভাৱে ভূমি দখল কৰিছিল বুলিও শ্রীপ্রসাদে অভিযোগ তোলে।