■ গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্ৰবনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ২০১৭ চনৰ পৰা প্ৰতি বছৰে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মহোৎসৱত ৩০ খন চুটি ছবি আৰু তথ্য চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে ভালেমান গণ্যমান্য লোক উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
Site Admin | November 29, 2025 10:05 PM | Akashvani | Akashvani Guwahati | Jyoti Chitraban
জ্যেতি চিত্ৰবনত ২ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ