জোহান্সবার্গত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত উপস্থিত হৈছে। জি টুৱেণ্টি বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰৰ অংশগ্রহণে জি টুৱেণ্টি দেসসমূহৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গোলকীয় দক্ষিণৰ কণ্ঠক শক্তিশালী কৰিব ।বৈদেশিক মন্ত্ৰীসকলৰ এই বৈঠকৰ সুযোগতে ড০ এছ জয়শংকৰে ব্ৰাজিলৰ বৈদেশিক মন্ত্রী মাওৰোভিয়েৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু বিশ্বৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে ৷ড০ জয়শংকৰে ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালকৃষ্ণনক সাক্ষাৎ কৰে। তেওঁ কয়, যে এই বৈঠকৰ সময়ত তেওঁলোকে বিশ্বৰ সাম্প্ৰতিক অৱস্থা আৰু দুয়ো দেশৰ পাৰস্পৰিক সম্পৰ্কক আগুৱাই নিয়াৰ বিষয়ত আলোচনা কৰে৷