November 22, 2025 11:58 AM | PM Meet SA PM

printer

জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে কালি দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা আৰু বিবিধতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে প্ৰতিৰক্ষা আৰু সুৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে সন্ত্রাসবাদৰ বিৰুদ্ধে গোলকীয় যুঁজ শক্তিশালী কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভাৰতত শেহতীয়াকৈ সন্ত্রাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে এই আলোচনাকালত তিনিটা গুৰুত্বপূৰ্ণ খণ্ড প্ৰতিৰক্ষা আৰু সুৰক্ষা, পাৰমাণবিক শক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই খণ্ডকেইটাত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁলোকে শিক্ষা আৰু সাংস্কৃতিক বিনিময় সন্দৰ্ভতো আলোচনা কৰে।
প্রধানমন্ত্রী মোদীয়ে লগতে দক্ষিণ আফ্রিকীয় মাল্টিনেচনেল ইণ্টাৰনেট আৰু প্ৰযুক্তি কোম্পানী নেছপাৰ্ছৰ অধ্যক্ষ কুছ বেকাৰ আৰু মুখ্য কাৰ্যবাহী সদস্য ফেব্ৰিছিঅ’ ব্ল’ছিৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে ভাৰতৰ ডিজিটেল পৰিস্থিতি তন্ত্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, ষ্টার্টআপ আৰু মহাকাশ খণ্ডত বিনিয়োগ বৃদ্ধি তথা উপভোক্তা বজাৰ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন সুযোগ অন্বেষণ সন্দৰ্ভত আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ভাৰতত নেছপাৰ্ছৰ সফলতাই বাণিজ্য সুগম কৰাৰ উপৰি দেশত ষ্টার্টআপ পৰিস্থিতি তন্ত্র শক্তিশালী কৰাকে প্ৰতিফলিত কৰে। ইয়াৰ পাছত শ্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় মূলৰ প্ৰযুক্তি উদ্যমী আৰু প্ৰবাসী ভাৰতীয় সকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক ভাৰতৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে প্ৰযুক্তি উদ্যমীসকলৰ সৈতে তেওঁলোকে নিয়োজিত হৈ থকা ফিনটেক, সামাজিক মাধ্যম, কৃষি, শিক্ষা, স্বাস্থ্যসেৱা, চিকিৎ‍সা সামগ্ৰীৰ দৰে খণ্ডসমূহৰ বিষয়ে আলোচনা কৰে। এই ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে চিন্ময় মিছনৰ পৰা এটা কলহ লাভ কৰে, য’ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ পৰা শ্রীঅন্ন অৰ্থাৎ বাজৰা সংগ্ৰহ কৰা হৈছে। এই কলহটো দাৰবানৰ অন্নপূর্ণা দেৱী মন্দিৰত ৰখা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।