জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে বৈঠক

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেইবাগৰাকী বিশ্বনেতাৰ সৈতে বৈঠকত মিলিত হয়। শ্রীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, উদ্ভাৱন, কৃত্রিম বুদ্ধিমত্তা, মহাকাশ আৰু শিক্ষা খণ্ডত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত ফলপ্রসু আলোচনা কৰে। দুয়োগৰাকী নেতাই গোলকীয় সুৰক্ষাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্যৰ বিৰুদ্ধে সহযোগিতা বৃদ্ধিৰ বাবে যুটীয়া পদক্ষেপ মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্ব ক্রমান্বয়ে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ বিশেষভাৱে উপকৃত হৈছে। প্ৰধানমন্ত্রী মেল’নিয়ে দিল্লীত শেহতীয়াকৈ সংঘটিত সন্ত্রাসবাদী আক্রমণত নিহত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰাৰ বাবে ইটালীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীমতী মেল’নিয়ে পাৰস্পৰিকভাৱে উপকৃত হ’ব পৰা ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ সামৰণিৰ বাবে আৰু অহা বছৰ ভাৰতে আয়োজন কৰা এ আই ইম্পেক্ট সন্মিলনৰ সফলতাৰ ক্ষেত্ৰত ইটালীৰ সমৰ্থনৰ কথা দোহাৰে।
প্রধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নেৰ সৈতেও বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই অনাগত সময়ত বিভিন্ন খণ্ডত বিশেষকৈ বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, শক্তি আৰু শিক্ষা খণ্ডত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি কৰাৰ বাবে সন্মতি প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে তেওঁলোকে লগতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত সহযোগিতা সুদৃঢ় কৰাৰ বাবে সম্ভাৱ্য দিশসমূহ উদ্ভাৱনৰ ক্ষেত্ৰত সমৰ্থন প্রকাশ কৰে। শ্ৰীমোদীয়ে কয়, যে কানাডাই আয়োজন কৰা জি-ছেভেন শীর্ষ সন্মিলনৰ সময়ৰে পৰা দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্কই বিশেষ গতি লাভ কৰিছে। ভাৰত আৰু কানাডাৰ মাজত বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ বাবে যথেষ্ট সম্ভাৱনা আছে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত দুয়োগৰাকী নেতাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। দুয়ো পক্ষই লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া অসামৰিক পাৰমাণৱিক সহযোগিতা পুনৰ নিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।