■ অসমত জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত কালি কেন্দ্রীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি সচিব ৰাজেশ এছ গোখলেৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতিৰ অধীনত অসম, এনে বুজাবুজিৰ চুক্তি সম্পাদনকাৰী দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়। কেন্দ্ৰ আৰু ৰাজ্যৰ এই দ্বিপাক্ষিক সহযোগিতাই অসমৰ চহকী জৈৱ বৈচিত্ৰ আৰু কৃষি খণ্ডৰ শক্তিক ব্যৱহাৰ কৰি ৰাজ্যখনত এটা শক্তিশালী জৈৱ উৎপাদন, পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব বুলি আশা কৰা হৈছে।
Site Admin | March 13, 2025 10:52 AM | Akashvani Guwahati | Akashvani News
জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
