জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰ বিহাৰত এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। পাটনাত আজি অনুষ্ঠিত এন ডি এৰ পাঁচটা অংশীদাৰী দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ যৌথ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এন ডি এই ৰাজ্যখনৰ ২৪৩জনীয়া বিধানসভাৰ বাবে অলপতে হোৱা নিৰ্বাচনত ২০২খন আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতা হস্তগত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে বিজেপিৰ নেতা সম্রাট চৌধুৰীক দলৰ বিধায়িনী গোটৰ নেতা আৰু বিজয় সিনহাক উপ-নেতা হিচাপে নিৰ্বাচিত কৰা হয়। জে ডি ইউৰ নেতা নীতিশ কুমাৰে কাইলৈ দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। পাটনাত ঐতিহাসিক গান্ধী ময়দানত আয়োজিত এই শপত গ্রহণ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আনৈ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Site Admin | November 19, 2025 9:57 PM | Nitish Kumar
জে ডি ইউৰ নেতা নীতিশ কুমাৰে কাইলৈ দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব