ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 28, 2025 11:49 AM | Mann Ki Baat

printer

জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্রমুগ্ধ কৰি থাকিব৷ জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন, জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব৷