প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতে নিযুক্তিৰ নিৰ্দেশ দিছে। অধিবক্তা প্রবীন কুমাৰ শৰ্মা আৰু অমিতাভ বৰুৱাক অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে নিযুক্তি দিয়া হৈছে। দুয়োগৰাকী অধিবক্তাই ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকৰণে নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসক সহযোগ কৰিব। উল্লেখযোগ্য যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত প্ৰথমটো শুনানি গ্ৰহণ কৰা হয়। শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত আদালতে শুনানি গ্রহণ কৰিব। আজি শুনানিকালত কোনো এগৰাকী অভিযুক্তৰ হৈ জামিন আবেদন দাখিল হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইফালে এই ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ পৰিয়ালে গোচৰৰ ওকালতি কৰিবৰ বাবে গেব্রিয়েল চাহু নামৰ এগৰাকী অধিবক্তাক নিয়োগ কৰিছে।
Site Admin | December 23, 2025 12:13 AM | Akashvani Guwahati | Akashvani News | Beloved Zubeen Garg | JusticeForZubeenGarg
জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতিৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতৰ নিযুক্তিৰ নিৰ্দেশ