ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই পর্যন্ত তিনিশৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।
Site Admin | December 6, 2025 6:58 PM | Akashvani Guwahati | Assam Police | BelovedZubeen | Justice for Zubeen Garg
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল