জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে।
ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে সাঁতোৰাৰ সময়তো তেওঁ সেই স্থানত উপস্থিত আছিল। সেই সূত্রে বিশেষ তদন্তকাৰী গোটে সন্দীপন গাৰ্গক যোৱা কেইবাদিনো ধৰি সোধা-পোছাৰ অন্তত আজি তেওঁক গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত এতিয়ালৈকে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইপিনে কণ্ঠশিল্পী মানস ৰবীনক আজি উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে সোধা-পোছা কৰে । শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেওঁৰ হাতত থকা প্ৰমাণ বিশেষ তদন্তকাৰী গোটক অর্পণ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
ছিংগাপুৰত এই ঘটনাৰ সময়ত উপস্থিত থকা প্রবাসী অসমীয়া ৰূপ কমল কলিতাক আজি আৰক্ষীয়ে দ্বিতীয় দিনৰ বাবে সোধা-পোছা কৰে। ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে কালি তেওঁ গুৱাহাটীত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত প্ৰায় ৬ ঘণ্টা ধৰি তেওঁক সোধা-পোছা কৰা হৈছিল৷