ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো এছ. আই. টিয়ে ভাষ্য গ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে কালি সংবাদমেলত জনোৱা অনুসৰি ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয় ৰূপকমল কলিতা আজি ভাৰতলৈ আহিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ৰূপকমল কলিতা য়টখনত আছিল।