জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি ৰাজ্য চৰকাৰে এই গোচৰত লোক অধিবক্তাৰ দায়িত্ব অর্পণ কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰিছে। আজি সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে কয় যে গোচৰ সংক্ৰান্তত আদালতত আইনগত প্রত্যাহ্বান থাকিব যদিও অভিযোগনামাখন বিস্তৃতভাবে পঢ়ি চোৱাৰ পাছত সকলো কথা স্পষ্টকৈ ধাৰণা কৰিব পৰা যাব। ১৭ জানুৱাৰীত গোচৰৰ পৰৱৰ্তী শুনানিৰ বিষয়ে উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে আদালতত এই গোচৰটোৰ শুনানিৰ পূৰ্বৰ প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হ’ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ পৰিয়াল, সদৌ অসম উকিল সন্থাৰ উপৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে এই গোচৰ চলোৱাৰ বাবে এটা জ্যেষ্ঠ অধিবক্তাৰ দলক দায়িত্ব অর্পণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। এই মর্মে ৰাজ্য চৰকাৰে শেহতীয়া মন্ত্রীসভাৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিছিল।
Site Admin | January 11, 2026 9:14 PM | JusticeForZubeenGarg
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ প্ৰকাশ