ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা দুয়োকে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায় । পিছত আদালতে অভিযুক্ত শেখৰ জ্যোতি আৰু অমৃত প্ৰভাক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে সোধাপোছা অব্যাহত ৰাখিছে। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ’চিয়েছনৰ ১১ জন সদস্যক অহা ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হ’বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে।
জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰা শিল্পীগৰাকীৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়। ইয়াৰ পাছতে তেওঁ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ সামগ্ৰীসমূহ চিনাক্ত কৰে । চৰকাৰী অধিবক্তাৰ তথ্য অনুসৰি আদালতত আজি গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য লিপিবদ্ধ কৰা হোৱা নাই।
ইপিনে, ছিংগাপুৰত জুবিন ৰহস্যজনক মৃত্যুৰ পিছতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিতর্কিত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বুলি তথ্য পোহৰলৈ আহিছে। জনতাৰ শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছতেই শ্যামকানু মহন্তই যোৱা ৩০ ছেপ্তেম্বৰত সর্বোচ্চ ন্যায়ালয়ত এখন ফৌজদাৰী লেখ আবেদন দাখিল কৰে। এই আবেদন দাখিল কৰাৰ পিছতে দিল্লীৰ বিমান বন্দৰত অসম আৰক্ষীয়ে অভিযুক্ত মহন্তক গ্ৰেপ্তাৰ কৰে ৷ আত্মপক্ষ সমর্থন কৰি আৰু জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা ব্যক্ত কৰি মহন্তই এই আবেদন দাখিল কৰিছিল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ ৫৪ খন এজাহাৰ দাখিল হৈছে বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। অভিযুক্ত মহন্তই এজাহাৰসমূহ একগোট কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা বা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জৰিয়তে তদন্ত কৰিবলৈ আবেদনত উল্লেখ কৰিছিল। ঘটনা সন্দৰ্ভত চি আই ডি অথবা বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নহ’ব বুলি মহন্তই আবেদন যোগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তেওঁক মিছাকৈ নাম সাঙুৰা বুলি আবেদনত উল্লেখ কৰে।
Site Admin | October 3, 2025 9:42 PM | Jubin Investigation
জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ