অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমর্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনৰ দিনটোৰ কাম-কাজৰ আৰম্ভণিতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত সময়ছোৱাত ৰাজ্যখনত মৃত্যু হোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শোকপ্ৰস্তাৱ পাঠ কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
Site Admin | November 25, 2025 9:56 PM | Assam Assembly
জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি সদনত প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ